ফেৰত্ বৰ্তমান বঙ্গলা ভাষাই পুণি চুৰিয়া আৰু উত্তৰীয় বস্ত্ৰ পৰিহিত অসমীয়া ভাষাৰ বিৰুদ্ধে প্ৰাচীন বঙ্গভাষাৰ (অৰ্থাৎ আচলতে অসমীয়া ভাষাৰ) পিণ্ড অধিকাৰী হ'বলৈ দাবি কৰি গোচৰ কৰে, তেন্তে তেওঁ হিন্দু স্মৃতি শাৰ “ অৱ-পিণ্ডৰ' অৰ্থাৎ পি-আইন বিধান মতে এই গেৰ কৰি চাওক।” (পৃঃ ২৯৭) ইত্যাদি। লেখকৰে এনে উক্তিৰ পৰা বুজিব পাৰি যে, অসমীয়া ভাষাৰ ওপৰত কোনোবাই আক্ৰমণ কৰিলে বেজবৰুৱা বা তেওঁৰ মানস পুত্ৰ কৃপাবৰ বৰুৱাই কেঁহ-কোঁহাই উঠে। বাক্যবাণ নিক্ষেপ কৰে। স্বদেৰ্শহিতৈষণাৰ উজ্জ্বল দৃষ্টান্ত। | বেজবৰাৰ সময়ত ৰাজ্যখনৰ নাম আসাম আৰু অসম দুয়োটাই ব্যৱহৃত হৈছিল। বহীত সটলনিকৈ “আসাম' ব্যৱহাৰ হৈছিল। বেজবৰুৱাৰ খহীত কেইবাটাও উচ্চ খাপৰ প্ৰবন্ধ ওলাইছিল। সেইবোৰ হ’ল কমলাকান্ত ভট্টাচাৰ্য গুটিদিয়ে চিন্তাৰ টৌ, বেজবৰুৰ আসাম, অসমীয়া গৌৰীপুৰুত বলা সাহিত্য-সভা, ৰজনী কুমাৰ দাসৰ পুৰণি অসামত ভুমুকি, দুৰ্গকিঙ্কৰ গোস্বামীৰ বেদান্ত ব্যাখ্যা, জ্ঞানানন্দ জগতীৰ মণিপুৰ যাত্ৰী প্ৰভৃতি। জ্ঞানদাভিৰাম বৰুৱাৰ বিলাতিৰ চিঠি বহীৰ কেইবাটাও সংখ্যাত প্ৰকাশিত হৈছিল। খটৰা সত্ৰৰ তুৱাৰাম মহই বৰদোৱাৰ পৰা সংগ্ৰহ কৰা গুৰু চৰিতখনো দ্বিতীয় বছৰৰপৰা ধাৰাবাহিকভাৱে ‘বাহীত ওলাইছিল। বিংশ শতিকাতো অসমক বহুত সমস্যাই আৱৰি ধৰিছিল। যেনে গোৱালপাৰা লৈ টন-আঁজোৰ, অসমীয়া ভাষাৰ প্ৰাচীনতা, প্ৰভৃতি। দ্বিতীয় বছৰ, ৩০৮ পৃষ্ঠাত এখন বাঙ্গ চিত্ৰৰ (কাৰ্টুন) তলত ‘অসমীয়া বঙ্গজ-শুৱালপৰ এইদৰে লিখি কৈছে, | “ওৱালপাৰ- নিলে, নিলে, নিলে, মোক বঙ্গালী চিলাই থাপ মাৰি নিলে ঐ। কোন আছ ৰাখ ঐ। | “অসমীয়া মই আহিছোঁ, ভয় নাখাবা, নোৱাৰে নিব। মোৰ ধেনুখন বাতলু গুটিটোৰে আনোতে যি ফেৰা পলম হৈছে মাথোন। একেটা বাতলু গুটিতে টুলব। নোচোৱা কেলৈ, তোমাক ‘তেজ-মঙহ আৰু ভাষা' এই দুডাল জৰীৰে আসামেৰে সৈতে কেনেকৈ বান্ধি থৈছে? কাৰ শকতি আছে সেই জৰী দুভাল ছিঙি তোমাক নিয়ে। কামৰ ভিতৰত টনা-আজোৰা আৰু আমনি কৰা, আউৰ কুচ নাহি হ্যায়।” | অসমীয়া ভাষাৰ প্ৰাচীনতা সম্পৰ্কে বেজবৰুৱাই অসমীয়া গৌৰীপুৰত বঙ্গলা সাহিত্য সভা, পদ্মনাথ বিদ্যাবিনোদ আৰু দীনেশচন্দ্ৰ সেন যুক্তিৰে থকা- সৰকা কৰি কৈছে, “আমাৰতে দৃঢ় বিশ্বাস যে আসামত অসমীয়া আৰু কাশীৰ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৫
অৱয়ব