বাঁহী। ১ম বহু সংখ্যা কাপোৰ বৰণো ঠিক তেনে, আৰু যিমান দূৰ পাৰিছিল উৰ্মা আৰু মজাও সেই বৰাৰে গিন্ধিছিল। তেওঁৰ ভাৰত পম্পলেতা। পম্প-জোতাৰ ওপৰত কেতি বা কেতিয়াবা তেওঁ ৰূপৰ বকুলছও পিন্ধিছিল। চুৰিয়া দেখ; তা বেচ কম পক্ষেও পোন্ধৰ-কুৰি টকা জোৰাত। হাতত অৱশ্যে লাঠি আৰু মুখত তামোল। কলেজ টৰ এটা 'পাণৰলাৰ লগত তেওঁৰ বন্ধৱ আছিল,এখন তামোল এক পয়চাকৈ। সেই দোকানতে তেওঁৰ দিনে তিনি চাৰি অনাৰ কাৰবাৰ। দিনটোত তেওঁ যে কত তমোল খাইছিল তাৰ ঠিক নাই। কলিকতাত তমোল নোখোৱা লৰা বোধকৰো আঙ্গুলিৰ মূৰত লেখিব পাৰি। শৰৎচন্দ্ৰৰ আঙুলিত এটা আচল হীৰাৰ আঙঠি; উৰ্মালত “চেণ্ট”। আমি যিখিনি সময়ৰ কথা লেছি। সেই খিনি সময়ত কলিকতাত স্বদেশী আন্দোলন প্ৰবল নাছিল। কিন্তু শৰৎচলৰ উৰ্মালত বিলাতী “চেটেই বেশী ভাগ পৰিছিল। তেওঁ কেতিয়াবা চিৎপুৰ ৰোড়ে দি যাওঁতে উৰ্মালৰ ভাগত দেশী আতৰো যে নপৰিছিল এনে নহয়। দেশী আতৰৱালাৰ লগত তেওঁ বন্ধৱস্ত কৰি ৰাখিছিল, { সেই বস্তু পচা দিয়া নহয়, সেই ফালেদি গলেই অলপ আতৰ শৰৎচন্দ্ৰক “আতৰৱালাই” দিছিল। শৰৎচই ভাল কাপোৰ-কানি পিন্ধা দেখি আতৰ বেচা মানুহ- টোৱে শৰতৰ বন্ধুসকলক গৰিষ্কাৰ কৰিবলৈকে এনে কৰিছিল। শৰংচৰ ঘৰ কলিকতাত; বাপেক লৰ্ডইটুল (Lordital) কোম্পানীৰ অফিচৰ কেচিৰ। তেওঁ এক লাখ টাকা জমা দি সেই কামত সোমাইছিল। সুশীতলচ বানুঞ্জীয়ে এই লাখটকাৰে স্বাধীন কাৰবাৰ কৰি ক্ৰোৰপতি হব পাৰিলে হেঁতন; কিন্তু আমাৰ দেশৰ মানুহে স্বাধীন কাৰবাৰ তিমান দুবুজে; ইংৰাজী অফিচৰ পোৰ টকাৰ কেৰাণী হবৰ নিমিত্তেও কুৰিখন দৰধান্ত লেখিব অথচ নিজৰ পাঁচ শ হওক ছশ হওক হাজাৰ হওক টকাৰে এটা স্বাধীন ব্যৱসায় আৰ নকৰে। সুশীতল বাৰু পুৰণি কলীয়া বঙ্গালী। তেওঁ হেট পিন্ধা মানুহ দেখিলেই “স্যাৰ" বোলে; লাখটকাৰে মাহে মাহে দুটকা বাঢ়ি ঘৰলৈ আনি সুখে আনন্দে দিন কটায়। তেওঁ সন্ধ্যা বেলিকা ঘৰলৈ আহি ভিতৰত ঘৈণীয়েকৰ আগতে হওক কি বাহিৰত বৈঠকখানাতে হওক, এবাৰ নে এবাৰ অফিচৰ কথা কবই কব। নহলে সেই ৰাতি বোধ কৰে। তেওঁৰ টোপনি নাহিছিল।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৪০
অৱয়ব