বাহী। (১ম বছৰ এ সংখ্যা। “হেমকোষ” ওলাৰৰ আঙ্গি কত বছৰ হল। তাৰ বাহিৰে অসমীয়া ভাল লেখকসকলে অনেক পৰিশ্ৰম কৰি বৰ্ণবিন্যাসৰ এটা প্ৰণালী থিয় কৰিছে। এনে স্থূলত তালৈ চকু নিদি মইমত-ভাৱে লেখাৰ মানে কি আমি বুজিব নোৱাৰে॥ লেখক হবলৈ গলে পৰিশ্ৰম কৰিব লাগিব; তাকে নকৰি সন্তাত কাম চলাবলৈ গলে চলিব কেনেকৈ? লেখাৰুৰ মনৰ ভাববোৰ মূল্যবান হলেও সেইবোৰ বণ বিন্যাস আৰু ব্যাকৰণৰ আন নিয়মবোৰৰ শাসনৰ তলতীয়া হৈ নোলালে সেইবোৰ ভাষা-আইনৰ চাৰি ঢাপৰপৰা বহিস্কৃত “আউট-লৰ শাৰীতহে পৰিবগৈ। ধৰ্ম্ম সমাজ আচাৰ ব্যৱহাৰ আদি সকলোৰে এটা প্ৰচলিত বান্ধোন থকা দৰে সাহিত্য-ৰচনাৰৰ এটা প্ৰচলিত বান্ধোন আছে। সেই বান্ধোন সাহিতা মহা- বৰ্থীসকলৰ গতি-বিধি চলন-কুৰণ আচাৰ-ব্যৱহাৰৰ আৰ্হিত গঠিত হয়। সেই আহি যে একেবাৰেই নিৰ্দোষ বা নিৰ্ভুল এনে নহয়; কিন্তু তাৰ শাসন মানি তাৰ ভিতৰুৱা হৈ লাহেলাহে সেই দোষ আৰু ভুলবিলাক শুধৰাই লবলৈ যতন কৰাটোহে বুদ্ধিমানৰ কৰ্তব্য। “মই কাৰৰ শাসন বা বিধান নামানন, কাৰো জাহিত নচলোঁ, নিজৰ ইচ্ছামতে চলিম” এনেকৈ কোৱাজনে সেই ভাৱে নিজৰ ঘৰৰ চাৰি বেৰৰ ভিতৰতহে নিৰ্ধিঘিনিয়ে চলিব পাৰিব, ৰাইজৰ আগত নহয়। এলা-কলীয় তেল-চিকটীয়া ফটা আৰু অলেখ তাপলি মৰা চুৰিয়া পিদ্ধি যেনেকৈ ভাল মানুহ বোলাইসমাজত গুলোৱাটো ঘঁহিয়াৰ কথা, বৰ্ণাশুদ্ধি দোষেৰে কাকুলীয়া ৰচনা লেখি বাহিৰলৈ উলিৱাটোও সেইদৰে দোষৰ কথা। কোনো ইংৰাজে ইংৰাজী “স্পেলিং আৰু প্ৰামাৰৰ নিয়ম নামানি ইংৰাজী লেখিবলৈ গলে কেনেকৈ সি অধ হয়, অসমীয়া ব্যাকৰণ আৰু বণশুক্তি নামানি বা নাজানি কোনো অসমীয়াই অসমীয়া লেখিলেও সেইদৰে সেই লেখা অণ্ডথ হয়। ইং হলেই ইংৰালী লেখি নোৱাৰি, অমীয় বলেই অসমীয়া লেখিব নোৱাৰি।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৩৮
অৱয়ব