পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৭ বছৰ, ৪ৰ্থ সংখ্যা। সম্পাদকৰ চৰা। | সমালোচনা--এই পৃথিৱীত যতবিলাক মঙ্কিলৰ কাম আছে তাৰ ভিতৰত সমালোচনা কৰাটোও এটা। কিন্তু আশ্চৰ্য্যৰ বিষয় এইহে যে সেইটো কাম সৰহ ভাগ মাসুহে ইমান টিলা বুলি ভাবে যে, খেৰপিৰে-বননিয়ে সমালোচক। সম্পাদক হৈ সমালোচক হোৱাটো আৰু টান। কিতাপ চোতাসকলে সম্পাদকলৈ তেওঁলোকে ৰচনা কৰা কিতাপ সমালোচনা কৰিবলৈ পঠিৱাটো ভালেমান কালৰপৰা চলি অহা নিয়ম। সম্পাদকজন যেনে পাপৰে আৰু যেনে ভাৱৰে মানুহ হওক, লেখকসকলে, তেওঁলোকৰকতাপ ভাল বেয়াৰ সমন্ধে তেওঁৰ মতামত ছেপি উলিয়াবলৈ চেষ্টা নকৰি নাথাকে। গতিকে, বেচে সম্পাদক বাধ্য হৈ এজন সৰ্ব্ব সৰ্বদৰ্শী আৰু ভব লোক হৈ পৰেগৈ; আৰু তেওঁ যি কিতাপ সমালোচনা কৰিবলৈ কাপ হাতত লয়, সেই কিতাপ তেওঁৰ বিদ্যা বুঝিয়ে ঢুকি-পপাৱা নহলেও আৰু তাত লেখা কথাবোৰত তেওঁৰ চৰিয়ে থাউনি-পোৱা নহলেও, তেওঁ গহীনভাৱে সেইবোৰৰ ওপৰত মতামত প্ৰকাশ কৰি নিজৰ মান ৰাখিব লগীয়াত পৰে। দৈবদুৰ্বিপাকত কোনো দুখীয়াৰ গাত সম্পাদকৰ বাটো পৰিলে সেই সম্পাদক গ্ৰন্থকাৰসকলে ঠেলি হেচকি সমালোচকৰ মাচিয়াত তুলি দি তেওঁৰপৰা তেওঁলোকৰ কিতাপৰ বিষয়ে সমালোচনা পাওনাৰ দাবি নকৰি নেৰে। লতিৰ ভিতৰত হয় গৈ কি,--এইদৰে নিজৰ বিনাদোৰত “দেদাৰ হৈ পৰা সমা- লোচকৰূপী সম্পাদকসকলে ঠেকত পৰি গা সাৰিবৰ উচ্ছু বুধি উলিয়াই লয়; কাৰণ, জগতৰ নিয়মেই হৈছে, নৰিয়াৰ লগে লগে দৰব ওলায়, বিপদৰ লগে লগে তাৰ প্ৰতিবিধানৰ বুধি ওলায়। সম্পাদকসকলে সেইবাবে ৰাশি ৰাশি কিতাপৰ পাতনি সূচী আৰু “টাইটোল (পজ” মনযোগ দি পঢ়িয়েই অৰ্থাৎ কিতাপৰ শৰীৰৰ ভিতৰত প্ৰবেশ নকৰিয়েই, আৰু অনেক সময়ত লেখকৰনৰ