পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বৰুৱাৰ আবিৰ্ভাব।

  ‘জোনাকী’য়ে অসমীয়া সাহিত্যত নৱন্যাস বা ৰমান্টিটিজিমৰ ধল বোৱালে। অসমীয়া সাহিত্যত যুগোপযোগী নতুন আংগিকৰ উদ্ভৱ হ'ল। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাসমূহেই তাৰ উৎকৃষ্ট নিদৰ্শন। লক্ষ্মীনাথ বেজবৰুৱাই চতুৰ্থ ভাগ ‘জোনাকীʼ সম্পাদনা কৰিছিল।

 কালক্ৰমে কলিকতাত পঢ়া ছাত্ৰসকল অসমলৈ ঘূৰি আহিল ভাষা-সাহিত্য প্ৰীতিৰ অনিৰ্বেয় আৰিয়া লৈ। লক্ষ্মীনাথ বেজবৰুৱা বিদেশতে থাকিল সজাগ প্ৰহৰীৰূপে।

 এই প্ৰসঙ্গত ড° বাণীকান্ত কাকতিয়ে মন্তব্য কৰিছে, “কলিকতাৰপৰা যোৱা শতিকাৰ শেষ ভাগত ‘জোনাকী’ কাকত উলিয়াই যিসকলে অসমীয়া জাতীয় চৈতন্য উদ্বোধনৰ চেষ্টা কৰিছিল, সেইসকলৰ ভিতৰত বেজবৰুৱা ডাঙৰীয়াও এজন। তেওঁৰ সহকৰ্মীসকলেও ‘জোনাকী'ৰ আৰম্ভণি- প্ৰভাৱৰ উদ্দীপনা লৈ নিজ দেশলৈ উভতি আহি নিজ নিজ শক্তি আৰু অৱসৰ অনুসাৰে অসমীয়া সাহিত্যৰ পুষ্টিসাধন কৰিবৰ চেষ্টা কৰিছিল। কিন্তু ‘জোনাকী’ৰ অন্তৰ্নিহিত আদৰ্শ বেজবৰুৱা সাহিত্যত বাজে আন কাৰো সাহিত্য ফট্ফটীয়াকৈ ফুটি ওলাব পৰা নাই। সেই আদৰ্শৰ পোহৰে তেওঁৰ জীৱনকো প্ৰভাৱাম্বিত কৰিছিল আৰু তেওঁৰ সকলো ৰচনাতেই সেই প্ৰভাৰেই প্ৰতিবিম্ব পৰিছে আৰু এতিয়ালৈকে সেই মাৰ নোযোৱা প্ৰভাৰে বিকাশ দেখি আছোঁ।” (ড° বাণীকান্ত কাকতি ঃ বেজবৰুৱা)।

  বেজবৰুৱাই কলিকতাৰ ঠাকুৰ পৰিয়ালৰ জীয়ৰী প্ৰজ্ঞাসুন্দৰী দেৱীক বিয়া (১৮৯১) কৰিছিল। তেওঁক অসম চৰকাৰে দুবাৰকৈ মুন্সিফৰ পদ যাচিছিল।কিন্তু তেওঁ তাক গ্ৰহণ নকৰি সাউদ ভোলানাথ বেজবৰুৱাৰ সৈতে কলিকতাত কাঠৰ কাৰবাৰ কৰিছিল। কিছু বছৰৰ মুৰত (১৯০৪চন) উভয়ৰে ভিতৰতে মনোমালিন্যৰ সৃষ্টি হয়। বেজবৰুৱাই উপায়ান্তৰ হৈ নিজাববীয়াকৈ কাঠৰ কাৰবাৰ আৰম্ভ কৰে। প্ৰথম বিশ্বযুদ্ধৰ সময়ত (১৯১৪-১৮) তেওঁৰ ব্যৱসায়ৰ পৰালি পৰে। তেওঁক বাৰ্ড কোম্পানীয়ে টিলাৰ আৰু চিভিল চেনিটেৰী বিভাগৰ কামৰ দায়িত্ব দিয়ে। তেওঁ কাৰ্যোপলক্ষে কেইবছৰমান সম্বলপুৰত থাকিব লগা হয়।তেওঁ ১৯২৮ চনত সেই চাকৰি এৰি সম্বলপুৰত কাঠৰ কাৰবাৰ কৰে।লক্ষ্মীনাথ বিদেশত কাঠৰ ব্যৱসায়ত জড়িত হৈ নানান সংঘাতৰ মাজেদি মাতৃভাষাৰ উৎকৰ্ষ সাধনত জড়িত হৈ আছিল। তেওঁ অ․ভা․উ․সা․ সভাত কৈছিল, “আপোনাসকলে সাৰোগতকৈ জানিব অসমীয়া ভাষাৰ উন্নতি অসমীয়া সাহিত্যৰ উন্নতি অসমৰ উন্নতিৰ প্ৰথম ঢাপ। আমি একান্তমনে পৰিশ্ৰম কৰি তাৰ উন্নতিৰ অৰ্থে লাগি গ'লে নিশ্চয় আমাৰ যত্নই ফল ফলিয়াবই।” (অসমীয়া

(জ)