সমললৈ যাওক

পৃষ্ঠা:বনফুল.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
আশা

মোৰ চিৰ জনমৰ 
চিৰ চনেহৰ
 যত অপৰণ আশা,
হয়তো কাৰোবা মধু পৰশত
 পাব কেতিয়াৱা ভাষা ।

দেৱৰ আশীষ হয়তো নামিব
 ফলাব শুকোৱা কলি,
মাথোঁ মই যান কেনিবা আঁতৰি

 হম ধৰণীৰ বুলি ।।

সমাপন

সপোনত হেৰাপোৱা ধন
দিঠকত কোনে ক'ত পালে,
কলপনাৰ মায়া কাননত
কিনো বীণ কোনেবা বজালে,
জীৱনৰ আবেলি বেলিকা
আজি তাৰ নকৰো বিচাৰ,
মাৰ যক অন্তৰতে যত
সুখ দুখ আশা নিৰাশাৰ ।।