সমললৈ যাওক

পৃষ্ঠা:বনফুল.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সপ্তমীতে আউসী

শৰতৰ পূৰ্ণিমাৰ ধুনীয়া জোনাক সানি
 মধুৰ হাঁহিটি লই লাৱনি মুখত,
চাপিছিলা কাষ মোৰ বিয়লি বেলিকা আহি
 অকলে বোলোতে বাট জীৱন পথত ।

সেইদিনা জোন মোৰ বেচিকে ৰূপহী হই
 ৰঙৰ ৰূপালী ধাৰা বোৱালে ধৰাত,
আধা মেলা হাত খনি হেঁপাহে সাৱটি ধৰি
 আগবাঢ়ি গলো মই নতুন আশাত ।

ভাগৰুৱা পৰাণত ছঁয়াময়া সুখছবি,
 আপুনি দূৰতে যেন জিলিকি উঠিল ।
উলাহৰ সুৰ এটি অতীতৰ বুকু ভেদি
 নিজৰি নিজৰি বই বিয়পি পৰিল ।

অতীতৰ অচিনাকী, আজিছো চিনাকী হ'লা,
 হিয়াৰ বেহানি লই পাতিলা পোহাৰ ;
চেনেহৰ বন্তি গছ জলাই সুৱদী হাতে
 গুচালা হিয়াৰ মোৰ নিৰাশা আন্ধাৰ ।

এনেতে হঠাতে কেনি এছাটি পচোৱা বলি,
 চেনেহৰ বস্তি গছ দিলেহি নুমাই ;
যেতিয়া সময় আহে পচোৱা আপুনি বলে,
 তুমিও নোৱৰা কব মোৰো দোষ নাই ।