এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সপ্তমীতে আউসী
শৰতৰ পূৰ্ণিমাৰ ধুনীয়া জোনাক সানি
মধুৰ হাঁহিটি লই লাৱনি মুখত,
চাপিছিলা কাষ মোৰ বিয়লি বেলিকা আহি
অকলে বোলোতে বাট জীৱন পথত ।
সেইদিনা জোন মোৰ বেচিকে ৰূপহী হই
ৰঙৰ ৰূপালী ধাৰা বোৱালে ধৰাত,
আধা মেলা হাত খনি হেঁপাহে সাৱটি ধৰি
আগবাঢ়ি গলো মই নতুন আশাত ।
ভাগৰুৱা পৰাণত ছঁয়াময়া সুখছবি,
আপুনি দূৰতে যেন জিলিকি উঠিল ।
উলাহৰ সুৰ এটি অতীতৰ বুকু ভেদি
নিজৰি নিজৰি বই বিয়পি পৰিল ।
অতীতৰ অচিনাকী, আজিছো চিনাকী হ'লা,
হিয়াৰ বেহানি লই পাতিলা পোহাৰ ;
চেনেহৰ বন্তি গছ জলাই সুৱদী হাতে
গুচালা হিয়াৰ মোৰ নিৰাশা আন্ধাৰ ।
এনেতে হঠাতে কেনি এছাটি পচোৱা বলি,
চেনেহৰ বস্তি গছ দিলেহি নুমাই ;
যেতিয়া সময় আহে পচোৱা আপুনি বলে,
তুমিও নোৱৰা কব মোৰো দোষ নাই ।