সমললৈ যাওক

পৃষ্ঠা:বনফুল.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰেমৰ পোহৰ

চেনেহৰ পখী জুৰি অনন্তৰ পিনে,
 উৰি যায় সন্ধিয়া পৰত,
" যাওঁ আমি জলে যত সেই দেশলই
 শুকতৰা পুৱা পোহৰত।”

বিদায়ৰ শেষ বাণী বাজিল বুকুত
 হিয়া মোৰ উঠলি উঠিল,
বিৰহ মিলন ছবি দূৰ অতীতৰ
 আছি পুনু জিলিকি পৰিল ৷

দেখিলো দুনাই সেই প্ৰাণৰ সপোন,
 ছয়াঁময়া সাগৰ তীৰত,
কেনিবাদি উটি অহা মৰমৰ সুৰ
 ৰিণি ৰিণি পৰিল কাণত ।

বাহিৰত জাৰ কালি বলিয়া বতাহে
 সৰাপাত দিয়ে ওপচায়,
ওপৰত আন্ধাৰৰ কলা ঢাকনিয়ে
 নামি ধীৰে পোহৰ লুকায় ।