এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শেষ অনুৰোধ
ধৰণীৰ কোলা এৰি আঁতৰি যেতিয়া যাম,
থোৱা যেন তুমি মোক স্মৃতি মন্দিৰত ।
তোমাৰ চকুলো দেখি যদিবা জগতে হাঁহে,
মনে মনে মচি থবা মনৰ মাজত ।
নতুন সোঁতৰ ধাৰে অতীত উটাই নিয়ে,
সপোন মৰহি যায় নতুন পুৱাত ।
উছাহত ভোল এই নেপাহৰা কথা মোৰ,
লুকুৱাই থবলই তোমাৰ হিয়াত ।
উলাহ উপচি পৰা তোমাৰ বীণত নিতে,
উঠক শতেক গান লগৰী লগত ।
মোৰ এই জীৱনৰ চাপিলে সন্ধিয়া কাষ,
বজাবা পুৰবী সুৰ নিজান চুকত ।
দুদিনীয়া সংসাৰত বিষাদৰ কুঁৱলীত,
অন্তৰ উজলি উঠে চেনেহী ভাষাত ।
দুদিন ধেমালী কৰি কেনিবা জাঁতৰি যায়
মৰণ মধুৰ হয় মৰম আশাত ।
⸻