সমললৈ যাওক

পৃষ্ঠা:বনফুল.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শেষ অনুৰোধ

ধৰণীৰ কোলা এৰি আঁতৰি যেতিয়া যাম,
 থোৱা যেন তুমি মোক স্মৃতি মন্দিৰত ।
তোমাৰ চকুলো দেখি যদিবা জগতে হাঁহে,
 মনে মনে মচি থবা মনৰ মাজত ।

নতুন সোঁতৰ ধাৰে অতীত উটাই নিয়ে,
 সপোন মৰহি যায় নতুন পুৱাত ।
উছাহত ভোল এই নেপাহৰা কথা মোৰ,
 লুকুৱাই থবলই তোমাৰ হিয়াত ।

উলাহ উপচি পৰা তোমাৰ বীণত নিতে,
 উঠক শতেক গান লগৰী লগত ।
মোৰ এই জীৱনৰ চাপিলে সন্ধিয়া কাষ,
 বজাবা পুৰবী সুৰ নিজান চুকত ।

দুদিনীয়া সংসাৰত বিষাদৰ কুঁৱলীত,
 অন্তৰ উজলি উঠে চেনেহী ভাষাত ।
দুদিন ধেমালী কৰি কেনিবা জাঁতৰি যায়
 মৰণ মধুৰ হয় মৰম আশাত ।