এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭০
বনফুল
হিয়াৰ তেজৰ বোলে নই খনি ৰঙা কৰি,
বই যায় বিষাদৰ সুৰ ।
অপুৰণ বাসনাৰ আবেগতে অকলই
উটি উটি যাওঁ বহুদূৰ ।
এনেতে আহিলা তুমি চেনেহৰ পাল তৰি
মৰমৰ নাওখনি বাই
দুখনি কোমল হাতে বুকুত সাৱটি লৈ
ললা মোক কাষলে চপাই ।
মৰুত ফুলালা ফুল বোৱালা মলয়া বাৱ
বসন্তৰ পৰশ আনিলা ।
বিষাদ কুঁৱলি ঠেলি মৰম কিৰণ মেলি
হিয়া মোৰ উজল কৰিলা ।
মৰমৰ পখিটিয়ে অতীতৰ সুৰ তুলি
চেনেহেৰে কৰিলে আপোন,
জিলিকি উঠিল পুনু আবেলি পৰত আজি
জীৱনৰ হেৰোৱা সপোন ।
আজি মই সৰ্ব্বহাৰা, ৰিক্ত পৰাণত মোৰ
দিবলই একোটিকে নাই ।
নিজকে আপোন কৰি হিয়াৰ চেনেহ কণি
লোৱা যেন সাদৰী সোণাই ।
⸻