সমললৈ যাওক

পৃষ্ঠা:বনফুল.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মৰম

মোৰ যে মৰম অখি গোলাপ পাহীৰ দৰে
 ফুলে হিয়া ফুলনি শুৱায়,
ফাগুনৰ বহাহত প্ৰেমৰ ৰাঙলী বোলে
 হিয়া মোৰ ৰঙেৰে বোলায় ।

শুৱনি সুমনা ঢলা ধৰণী উজল কৰা
 সপোনত বিধাতাৰ দান,
সঙ্গীতৰ সুৰ তুলি অন্তৰ আকুল কৰা,
 তুমিয়েই জীৱনৰ গান ৷

নগৰ সাগৰ হব, সাগৰ শুকাই যাব,
 বগা বালি বতাহে উৰাব ;
পৰ্ব্বত কুমলি গই কোনোবা এসুতি তি হই,
 কেনিবাদি আপুনি লুকাব ।

চেনেহ নিজৰা মোৰ একেটি সুৰতে বই
 মৰুত তুলিব মধু তান ।
মৰমৰ পটখনি সদায় উজ্বলি বব,
 কেতিয়াও নপৰে মোলান।

খন্তেক আঁতৰি যদি আহিছো লাহৰী মোৰ,
 খন্তেকলে মাগিছো মেলানি,
নিৰলে নিজানে বহি হিয়াৰ দাপোন মেলি
 হেঁপাহেৰে চাম ছবি খনি ।