সমললৈ যাওক

পৃষ্ঠা:বনফুল.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

গীতাত্মক ‘লিৰিক’ কবিতাৰ পৰ্য্যায়লৈ তুলিছে। দুৱৰা এই বিষয়ত আধুনিক অসমীয়া কাব্য বুৰঞ্জীত যুগ প্রৱৰ্ত্তক কবি । তেওঁৰ প্রতিটি কবিতাতে কাব্যতকৈ কবিৰ পৰিচয় অধিকভাৱে পৰিস্ফুট প্ৰতি ফাঁকি কবিতা হৃদয়-বীণৰ 'ঝঙ্কাৰহে মাথোন । আপোন অন্তৰত সৃষ্টি পাতনিৰ ভঙ্গা পতা ছবি আঁকি কবি আপোন ভাবতে আপুনি বিভোৰ। আত্ম-নিমগ্ন কবিয়ে নিজেই গাইছে নিজেই শুনিছে—

মোৰ গান ময়ে গাওঁ
 শুনি শুনি ময়ে তল যাওঁ।
গানৰ শেষত
 শুনোতা গাওঁতা দুয়ো
 একে হৈ পাৰকে নাপাওঁ ।
 ( মোৰ সৰগ )

 দুৱৰা মুখ্যতে প্ৰেমৰ কবি ; সৌন্দৰ্য্যৰ উপাসক । তেওঁ ‘প্ৰেমৰ _ সপোন দেখে, প্ৰেমৰ কবিতা লেখে। দুৱৰা কবিৰ মতে প্রেম আৰু Ging ace পাহি ফুলেৰে বিভাজ্নব্যৰ্থ বৰ্ণ আৰু সৌৰভ । য'তে প্রেম ত’তে সৌন্দৰ্য্য। কবিয়ে এই প্রেম মানুহৰ অকপট প্রেম-প্ৰীতি, স্মেহ-ভালপোৱাৰ মাজত বিচাবি হাবাথুৰি খাইছে । কিন্তু পৃথিবীত অবিকল প্রেম-প্ৰীতি বিৰল প্ৰেমৰ লগত ব্যথা-বেদনা,বিচ্ছেদ-বিঘাদ, লাঞ্চনা-গঞ্জনা, অৱহেলা-অৱসাদ জড়িত হৈ সপ্তবৈকুণ্ঠৰ ৰঞ্জিত ইন্দ্ৰধনুৰ সৃষ্টি হৈছে (ইন্দ্ৰধনু) । সেই হেতুকেই দুৱবাৰ কবিতা নানাভাব বৈচিত্ৰ্যৰে সমৃদ্ধিশালী । কোনো কবিতাত মিলন আকাঙক্ষাৰ আনন্দ, কোনোটিত প্ৰত্যাখ্যান নিদাৰুণ মৰ্ম্মঘাত,কোনোটিত অতৃপ্তিৰ দীর্ঘশ্বাস, কোনোটিত বিদায়ৰ বেদনা ধ্বনিত হৈছে । সৌন্দৰ্য্য পিয়াসী কবিহৃদয়ে সমাজ-সংসাৰত অকপট প্ৰেম অনাবিল সৌন্দৰ্য্য বিচাৰি ব্যৰ্থ মনোৰথ হৈ নিখিল বিশ্বৰ বায়ু পানী সুৰ্য্যালোক, বিটপ-বিহঙ্গমৰ মাজত সহৃদয়তা স্থাপনৰ কল্পনা কৰিছে। বিশ্বব্যাপিনী সৌন্দয্যৰ বিচিত্ৰ ৰেখাই ধ্যান তন্ময় কবিৰ চিত্ত নানাভাৱে আলোড়িত কৰিছে।