এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৪
বনফুল
বতাহত সৰু ঢৌ তুলি,
নাচি নাচি নই খনি যাব,
সাগৰৰ বুকুত লুকাই
নৰমৰ বাতৰি বিলাব ।
সকলোৱে পাব সকলোটি,
কাৰো কতো একো নেহেৰাই
মাথো মোৰ চেনেহৰ সুৰ
জীৱনত নেবাজে দুনাই ।
আবেলীৰ চিনাকীলৈ
চকুৰ পানীৰে সতে জীৱনৰ নাওখনি
নিৰলে এৰিলো আজি সুৰৰ সোঁতত,
দূৰৰ বতাহে পাই নিয়ে তাক উঠোৱাই
কোনে জানে কেতিয়ানো চাপিব ঘাটত।
পুৱাতে ওলোৱা বেলি পচিমত নাৰ যায়
ৰাতিৰ আন্ধাৰ নামি ঢাকেহি ধৰণী,
পোহৰত আন্ধাৰত, অবিৰাম গতি ধৰি,
একোটি সুৰতে মোৰ চলে নাওখনি ।