সমললৈ যাওক

পৃষ্ঠা:বনফুল.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৬
বনফুল

 আৰু তুমি নবজাবা বীণ,
অতীতৰ পুথি পাঁজি সামৰা সকলো আজি
 চেনেহৰ প্রতিধ্বনি ধীৰে হৈ ক্ষীণ
 হক আজি অনন্তত লীন ।
 বাটৰুৱা, তুলি থোৱা জীৱনৰ বীণ ।

–—–

সোঁৱৰণি

গছৰ ডালত পৰি মৰমৰ পখীটিয়ে
 উৰি উৰি গাই গল গান,
আহিলো আহিলো বুলি শুকালে ফুলৰ কলি,
 সুখ সপোনৰো অৱসান ।
জাৰৰ কুঁৱলি নামি ঢাকিলে ধৰণী খনি,
 সৰা পাত উপচি পৰিল,
আকাশে বতাহে আজি বিষাদৰ সুৰ তুলি
 বেদনাৰ বাঁহীটি বাজিল ।

হিয়াৰ মাজত জলা চেনেহৰ বন্তি গছো
 কোনে যেন দিলে নুমুৱাই,
মৰম আঁতৰি গল, মনৰ হেপাহ বল,
 সোঁৱৰণি কান্দিহে বিনাই ।