সমললৈ যাওক

পৃষ্ঠা:বনফুল.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শেহৰ বীণ
 

 আজি মই সামৰিলো গান,
ফাগুনৰ ফুলনিত সমীৰৰ বুলনীত,
 নুঠে নোৰ হিয়া ভৰা তান,
 মাৰ গল জীৱনৰ গান ৷৷

 ৰিণি ৰিণি আশাৰ পোহৰ,
মিচিকি হাঁহিৰে চাই দূৰতে আঁতৰি যাই,
 মাথো মোৰ নাচাপে ওচৰ,
 সুদূৰৰ উজল পোহৰ ৷৷

 নামানিবা পুৱাৰ সপোন,
কুলু কুলু গীত গাই নইখনি বই যাই,
 কোনো কাৰো নহয় আপোন,
 মিছা মোৰ মায়াৰ সপোন ।।

 অভিমান আন্তৰত লই
জীৱনৰ বাট বুলি চেনেহ কুসুম তুলি
 মিছাতে ওঠিলা নালা বহি অকলই,
 অভিমান অন্তৰত লই ।

 পচিনত বেলি মাৰ যায়,
চোৱা সৌ সুদূৰত ধীৰে ধীৰে আন্ধাৰত,
 সেউজীয়া ধৰণীৰ ছবিটি লুকায়,
 জীৱনৰ পোহৰ পলায় ।
 লাহে লাহে পচিমত বেলি মাৰ যায় ৷৷