সমললৈ যাওক

পৃষ্ঠা:বনফুল.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩
গুপ্ত বেকত

কঠোৰ হেঁচাত পৰি
সিযে আজি মৰি গল,
হিয়া তাৰ পৰি গল চন।

কলীয়া ডাৱৰ নামি,
সোনালী সুৰুয ঢাকি,
আন্ধাৰতে এৰি থৈ গল ;

ঘনে হিয়া ভেদি উঠা
সোঁৱৰণী সুৰ তাৰ
শ্মশানত মথো পৰি বল ।

––––

গুপ্ত বেকত

গছৰ ডালত বহি এহালি চৰায়ে
 ঠোঁটতেই ঠোঁটতি লগালে,
সেইদিনা জগতৰ নিজান চুকত
 মৰমৰ বাতৰি বিলালে ।

পাতৰ আঁৰত ফুলে আঁৰতে নৰই
 উলাহতে হিয়া মেলি দিলে,
কেনিবা লুকাই থকা পখিলাটি পৰি
 চেনেহৰ মৌটুপি পিলে ।