এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩
গুপ্ত বেকত
কঠোৰ হেঁচাত পৰি
সিযে আজি মৰি গল,
হিয়া তাৰ পৰি গল চন।
কলীয়া ডাৱৰ নামি,
সোনালী সুৰুয ঢাকি,
আন্ধাৰতে এৰি থৈ গল ;
ঘনে হিয়া ভেদি উঠা
সোঁৱৰণী সুৰ তাৰ
শ্মশানত মথো পৰি বল ।
––––
গুপ্ত বেকত
গছৰ ডালত বহি এহালি চৰায়ে
ঠোঁটতেই ঠোঁটতি লগালে,
সেইদিনা জগতৰ নিজান চুকত
মৰমৰ বাতৰি বিলালে ।
পাতৰ আঁৰত ফুলে আঁৰতে নৰই
উলাহতে হিয়া মেলি দিলে,
কেনিবা লুকাই থকা পখিলাটি পৰি
চেনেহৰ মৌটুপি পিলে ।