সমললৈ যাওক

পৃষ্ঠা:বনফুল.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৯
বিদায় বেলাৰ পৰশ

হিয়া ভৰা চেনেহৰ সুৰ
পৰে যদি দুনাই মনত,
ভয় নাই ভুলতো নকওঁ
বজাবলে তোমাৰ বীণত ।

মাথো দুয়ো ফুলা ফুল তুলি
যতনৰে গঁথা মালা ধাৰি,
চেনেহৰে ডিঙিত পিন্ধাই
লাহে লাহে আহিন আঁতৰি ।

তাৰ পাছে সন্ধিয়াত যেনে
পখীটিয়ে ঘৰণুৱা হই
আকাশেদি অকলে অকলে
উৰি আহে নিজ বহালই।

তেনেদৰে সৰাপাত ঠেলি
যাবা তুমি পঁজালে তোমাৰ,
কেনিবাদি ছবিটি লুকাব
ধীৰে ধীৰে নামিব আন্ধাৰ ।

মনে মনে নিজ‍ ৰাতিত
বহি তুমি পঁজাৰ আগত,
নিৰলাত বজাবা এবাৰ
শেষ সুৰ তোমাৰ বীণত।