সমললৈ যাওক

পৃষ্ঠা:বনফুল.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বিদায় বেলাৰ পৰশ

সখা মোৰ মাথোঁ এটিবাৰ
আজি এই আবেলি পৰত
ব'লা দুয়ো বহি অকলই,
গাথোঁ মালা ফুলনি মাজত ।

নিতে নিতে তোমাৰ ফুলনি
ফুলে ফুলে জাতিষ্কাৰ হব,
কতবাৰ বলিয়া ফাগুণ
জীৱনত আহি আহি যাব ।

হাঁহিভৰা তোমাৰ চকুৱে
দিলে যেন বাতৰি বিলাই,
এনে এটি নধুৰ সপোন
আৰু মোৰ নাহিব দুনাই ।

মিছাকৈয়ে নকৰিবা ভয়
ফুলনিত নকৰো পলম,
বিদায়ৰ চকুৰ পানীৰে
নিবিচাৰো তোমাৰ মৰম ।

অতীতৰ মধু সোঁৱৰণ
নেপেলাও তোমাৰ মনত,
যাক তুমি নিকৰুণ ভাবে
দিলা ঠেলি বিস্মৃতি বনত।