এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪
বনফুল
লুইতৰ বুকুতে পাৰিদি অকলে
সোণালী সপোন দেখোঁ
বতাহৰ লগতে সুৰটি মিলাই
জীৱনৰ ঢউ লেখোঁ ।
বননিৰ সুৰে তোলায় কঁপনি
পৰাণ উজ্বলে মোৰ,
বিজুলী কোলাৰ মিচিকি হাঁহিৰে
-দুখৰ নপৰে ওৰ ।
বিচাৰা যদিহে কল্পনা ৰাজ্যৰ
উদাসী প্ৰাণৰ মেলা
সপোন লগৰী কৰি পাৰি দিয়া
এৰি দিঠকৰ খেলা ।
বজোৱা প্ৰাণৰ চেনেহৰ বাঁহী
জোনায়ে ধৰক গান,
দুখনি হিয়াৰ একোটি সুৰতে
উঠক মিলন তান ।
আঁহা দুয়ো যাওঁ এখনি নাৱতে
তৰি দি শুকুলা পাল,
অচিন দেশত অচিন বেশত,
ৰঙেৰে কটাম কাল ।
–––