এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩
তোমালৈ
অকনি পোহৰ দ্বিতীয়াৰ জোনে
বিলাই পৰিল ঢলি,
নুফুলা ফুলৰ কলিটি ফুলালে
শীতল মলয়া বলি ।
ধীৰে আঁতৰিল দিনৰ কোঢ়াল
ধৰণী নিজম হল ;
উটি উটি আহি নাওখনি মোৰো
তোমাৰ ঘাটতে ৰ'ল ।
সোঁতৰ লগত পুৱা পোহৰত
যাব পুন নাওখনি,
কোন সুদূৰৰ অজান দেশৰ
শুনি সপোনৰ বাণী ।
কেনেকৈ মোক ৰখাবা কোৱাচোঁ
চেনেহ জৰীৰে ধৰি,
গোটেই জীৱন উঠিছো বুৰিছোঁ
সোঁতৰ মুখত পৰি ।
মানুহৰ আও মানুহৰ ভাও ?
নুবুজোঁ মানবী ৰীতি,
নোৱাৰো মানিব কঠোৰ শাসন
নেলাগে সমাজ নীতি ।