সমললৈ যাওক

পৃষ্ঠা:বনফুল.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩
তোমালৈ

অকনি পোহৰ দ্বিতীয়াৰ জোনে
 বিলাই পৰিল ঢলি,
নুফুলা ফুলৰ কলিটি ফুলালে
 শীতল মলয়া বলি ।

ধীৰে আঁতৰিল দিনৰ কোঢ়াল
 ধৰণী নিজম হল ;
উটি উটি আহি নাওখনি মোৰো
 তোমাৰ ঘাটতে ৰ'ল ।

সোঁতৰ লগত পুৱা পোহৰত
 যাব পুন নাওখনি,
কোন সুদূৰৰ অজান দেশৰ
 শুনি সপোনৰ বাণী ।

কেনেকৈ মোক ৰখাবা কোৱাচোঁ
 চেনেহ জৰীৰে ধৰি,
গোটেই জীৱন উঠিছো বুৰিছোঁ
 সোঁতৰ মুখত পৰি ।

মানুহৰ আও মানুহৰ ভাও ?
 নুবুজোঁ মানবী ৰীতি,
নোৱাৰো মানিব কঠোৰ শাসন
 নেলাগে সমাজ নীতি ।