এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮
মোৰ দীপালী
নইৰ সিপাৰে কবিতা কুঁৱৰী
আছে পোহৰত বহি,
অতি আবেগেৰে তুলি আঁচলেৰে
লব এটি এটি পাহি ।
মোৰ ফুলৰেই সাজিব মুকুট
মোহন হাঁহিটি লই,
ঢউ তুলি তুলি চাপিব যেতিয়া
মোৰ নাওখানি গই ।
আশাৰ বুকুত লুকাব নিৰাশা
উঠিব নধুৰ গীত,
নিজৰ ভাৱতে বলিয়া কৰিব
আপোন পাহৰা চিত ।
পচিনৰ এছাটি পচোৱা বতাহে
নানি কোন সুৰুঙাই,
থাকোতে ইদৰে প্ৰাণৰ প্ৰদীপ
দিলে আহি লুটিয়াই ।
আঁউসী আন্ধাৰে ঢাকিলে জীৱন
নুমাল চাকিটি মোৰ,
হল এনেদৰে জগতত আজি
মোৰ দীপালীৰ ওৰ ।