এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭
এই বাটে নাহিবা দুনাই
ভাবিছা ইবাৰ তুমি পাবা ইয়াতেই
অশান্তিত শান্তিৰ জিৰণি
এই ঘাটতেই কত হাবিয়াস কবি
বান্ধিবাহি জীৱন তৰণী ।
মিছা আশা বাটকৱা সকলো কল্পনা
মায়া জুই, ৰেখা পোহৰৰ ;
নহয় অশ্রিয় স্থল বাটৰ মুখৰ
চাকনৈয়া মাথো বিপদৰ ।
এবাৰ পৰিলে আহি ইয়াৰ মাজত
উৱাদিহ নোৱাৰা ধৰিব ;
আজীৱন ঘূৰিফুৰি আন্ধাৰে মুধাৰে
ব্যুহচক্ৰ নোৱাৰা ভেদিব ।
আন্ধাৰতে শেষ হব জীৱন তোমাৰ
পোহৰৰ ৰেখা আঁতৰিব
এটি মাথো হুমুনীয়া বতাহ বুকুত
শূন্যে শূন্যে ওপঙি ফুৰিব ।
দূৰৰ মন্দিৰ যিটো অতি আচৰিত,
সিয়ে মাথো মায়ামৰিচীকা ;
নাই তাত দেৱতাৰ পূজা আয়োজন,
মিছাতেই দেখিছা জিলিকা।
শুনা সেই শতশত কৰুণ কান্দে,
দেৱতাৰ চৰণ ধিয়াই,
আন্ধাৰৰ বুকু ফালি উঠে নিতে নিতে,
শূশূন্যতেই উঠি মাৰ যায়।