সমললৈ যাওক

পৃষ্ঠা:বনফুল.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭
এই বাটে নাহিবা দুনাই

ভাবিছা ইবাৰ তুমি পাবা ইয়াতেই
 অশান্তিত শান্তিৰ জিৰণি
 এই ঘাটতেই কত হাবিয়াস কবি
 বান্ধিবাহি জীৱন তৰণী ।

মিছা আশা বাটকৱা সকলো কল্পনা
 মায়া জুই, ৰেখা পোহৰৰ ;
নহয় অশ্রিয় স্থল বাটৰ মুখৰ
 চাকনৈয়া মাথো বিপদৰ ।

এবাৰ পৰিলে আহি ইয়াৰ মাজত
 উৱাদিহ নোৱাৰা ধৰিব ;
আজীৱন ঘূৰিফুৰি আন্ধাৰে মুধাৰে
 ব্যুহচক্ৰ নোৱাৰা ভেদিব ।

আন্ধাৰতে শেষ হব জীৱন তোমাৰ
 পোহৰৰ ৰেখা আঁতৰিব
এটি মাথো হুমুনীয়া বতাহ বুকুত
 শূন্যে শূন্যে ওপঙি ফুৰিব ।

দূৰৰ মন্দিৰ যিটো অতি আচৰিত,
 সিয়ে মাথো মায়ামৰিচীকা ;
নাই তাত দেৱতাৰ পূজা আয়োজন,
 মিছাতেই দেখিছা জিলিকা।

শুনা সেই শতশত কৰুণ কান্দে,
 দেৱতাৰ চৰণ ধিয়াই,
আন্ধাৰৰ বুকু ফালি উঠে নিতে নিতে,
 শূশূন্যতেই উঠি মাৰ যায়।