সমললৈ যাওক

পৃষ্ঠা:বনফুল.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
এই বাটে নাহিবা দুনাই
 

কেনি যোৱা বাটৰুৱা আন্ধাৰ বাটত ?
 সমুখত মুকলি পথাৰ ;
আকাশে বৰণী চুমে দূৰ দিগন্তত
 কতো তাৰ নাই পৰাপাৰ। ।

বহুদূৰ বাট বুলি আহিছা ভাগৰি
 যাবলৈয়ো আছে বহু বাট ;
দূৰত জিলিকা দেখি পোহৰৰ ৰেখা
 ভাবিছা আশ্রয় পাবা তাত ।

আথে বেথে আগবাঢ়ি নিব কাষলই
 পাবা কত আদৰ সাদৰ,
চেনেহৰ মিঠা মাতে ধৰিব যোগান
 পলুৱাবা প্ৰাণৰ ভাগব ।

দেখিছা দূৰত সউ দ'লৰ কলচী,
 দেৱতা বিৰাজে ভিতৰত ;
শুনিবা পূজাৰ কত মঙ্গল উকলি,
 পুৱাতেই মন্দিৰ মাজত ।

কাষ চাপি দেৱতাৰ চৰণ তল
 দিবা ঢালি প্ৰাণৰ আৰতি ;
অতৃপ্তিত অতৃপ্তিৰ আশীষ লভিবা
 ভকতিৰে জনাবা প্রণতি ।