সমললৈ যাওক

পৃষ্ঠা:বনফুল.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মেলানিৰ দান

মোৰ বাবে তুমি
 নুৰুবা মালতী ফুল,
জীৱনত কিয়
 মিছাতে বঢ়োৱা ভুল ?
ফুলো নুফুলিব
 মৰহিব গছ পুলি
ফুলিলেও চাবা
 ঢোপাতে সৰিব কলি
সেয়েহে কৈছো
 নুৰুবা মালতী পুলি ।।

মাজ সাগৰত
 নাওখনি টুল বুল
মোৰ লগতেই
 তোমাৰো হেৰাব কুল ।
অকলে পাৰত,
 সন্ধিয়াৰ ছবি চাবা,
তোমাৰ বুকুতে
 তাৰে বোল সানি লবা,
সপোনৰ ছবি
 দিঠকতে তেহে পাবা।

জীৱনত মোৰ
 উটি গল সুৰ লয়
আঁতৰি থাকিবা
 নহলে পৰিব জঁই।
শাহত মোৰ
 নিৰাশা বতাহ বয়॥