সমললৈ যাওক

পৃষ্ঠা:বনফুল.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

এটি উৰি যোৱা ৰাজহাঁহলৈ

উৰি যোৱা উৰি যোৱা আৰু কত পৰ
ৰবা এই বিলৰ মাজত,
প্ৰাণৰ লগৰী দেহি আছে বাট চাই
অকলই নিজান বনত।

সেউজীয়া ঘাঁহনিৰ কোমল কোলাত
চেনেহৰ বাঁহটি তোমাৰ
যতনে সজোৱা আছে হিয়াৰ বোলেৰে
উজলাই জেউতি আশাৰ ।

ক'লা ঢাকনিৰে ঢাকি দূৰ দূৰণিক
লাহে লাহে আন্ধাৰ নামিছে,
উৰি যোৱা আকাশত বগা পাখি মেলি
লগৰীৰ মৰমে মাতিছে।

জগতত ঘৰ বুলি এচমকা ঠাই
আছে পখী তোমাৰ নিজৰ,
বুকত সুমাই মূৰ ইটিয়ে সিটিৰ
দেখা ছবি সুখ সপোনৰ।

ইটিয়ে সিটিক ঢালি মৰমৰ ধাৰা
জগতত চেনেহ বিলাবা,
সুখে দুখে হাঁহি মাতি জীৱনৰ বাট
ৰং মনে দুয়ো বুলি যাবা ।