সমললৈ যাওক

পৃষ্ঠা:বনফুল.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩
শিলাটিৰো সপোন ভাগিল

সৰগত বই যোৱা নিজৰা নমলা,
চেনেহী সুঁতিৰ ধাৰা, পৰাণ উতলা কৰা
হিয়াৰ মাজেদি নিজে তুমিয়ে বোৱালা ।
পৰ্ব্বতীয়া শিলটিৰো কঁপনি তুলিলা।।

লয়লাসে কাষ চাপি আপুনি আহিলা
বুকুত সাৱটি ল'লা, গুপুত বাতৰি কলা
আবেগতে হিয়া ভৰা চেনেহ যাচিলা ।
নিমিষতে অভাগাক আপোন কৰিলা ৷৷

পাহৰিলে সেইদিনা জীৱন মৰণ
মৰমতে ভোল গই বুকুৰ বেহানি লই
কুমলীয়া লতা ডালি কৰিলে বৰণ ।
সঁচাকৈয়ে পাহৰিলে জীৱন নৰণ ।।

সপোনতে এনেকৈয়ে দিন উৰি যায়,
প্ৰেমৰ সপোন দেখে, প্রেমৰ কবিতা লেখে,
মিলন কুঞ্জত দুয়ো বাঁহীটি বজায়।
কেনিবাদি সপোনৰ দিন উৰি যায়।

ধৰণীত বসন্তৰ বতাহ বলিলে
মলয় পৰশ পাই, হিয়াখনি উথলাই
কুমলীয়া লতা ডালি বলিয়া কৰিলে ।
শিলটিৰো বিৰহৰ কঁপনি তুলিলে ।।