এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২
বনফুল
এই আশাতেই দেহি
পানীৰ কাষত পৰি
অকলই আছে বাট চাই
সোঁতে তাৰ হিয়াক কঁপায়!!
জীৱনত আশ৷ তাৰ কেতিয়া পুৰিব?
হেঁপাহেৰে কাক সিনো
আদৰি ধৰিব?
কালৰ চকৰি ঘুৰি
কৰে হায়! হায়!
হিয়াৰ কঁপনি তুলি
অকলশৰীয়া শিলে
মিছাতেই আশা পালি
আছে বাট চাই!
⸻
শিলটিৰো সপোন ভাগিল
যোঁৱা গই যোৱা এই যোঁৱা আগ বাঢ়ি
নেলাগে থমকি ৰব, নেলাগে উলটি চাব,
সাদৰেৰে কৰিলৈ বতাহ লগৰী.
যোঁৱা গই যোঁৱা গই যোঁৱা আগবাঢ়ি।।
সেইদিনা দেখিছিলা মধুৰ সপোন,
সেউজীয়া ধৰণীত, কুমলীয়া বননিত,
তুলি সেই জীৱনৰ সুৰ বিতোপন
সঁচাকৈয়ে সেইদিনা দেখিলা সপোন ॥