সমললৈ যাওক

পৃষ্ঠা:বনফুল.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শিলৰ সপোন

 ওচৰতে পৰি আছে
 এটি শিল--অকলশৰীয়া!
 চেনেহৰ জৰী গছ
 জীৱনত তাৰ
 কোনে দিলে কেনি সোলোকাই :
 বুজিব নোৱাৰি নিজে
 বেজাৰত কাঢ়ে হুমুনীয়া।
পোহৰত নাচি নাচি
সৰু সৰু ঢউ বোৰে
ওপৰে টোৱাই এই
দিয়ে তাক চেনেহৰ মধুৰ পৰশ ;
হেঁপাহেৰে শিলে তাক ল'ই আঁকোৱালি
সারটি ৰাখিব খোজে
গোটেই জীৱন ।
 মিছা তাৰ আশাৰ কিৰণ
 খন্তেক ধেমালি কৰি
 কেনিবা আঁতৰি
 নিমিষতে ভাঙি দিয়ে সুখৰ সপোন ।
নিতে কত চউ আছে যায়,
তথাপি অবুজ শিলে
চেনেহ সঁফুৰা নেলি
দিনে ৰাতি আছে বাট চাই ;
কিজানিবা কেতিয়াবা
এখানি চেনেহ কৰা
নামি কোনো সুৰুঙাই
যদি তাৰ হিয়া উজলাই !