এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শিলৰ সপোন
ওচৰতে পৰি আছে
এটি শিল--অকলশৰীয়া!
চেনেহৰ জৰী গছ
জীৱনত তাৰ
কোনে দিলে কেনি সোলোকাই :
বুজিব নোৱাৰি নিজে
বেজাৰত কাঢ়ে হুমুনীয়া।
পোহৰত নাচি নাচি
সৰু সৰু ঢউ বোৰে
ওপৰে টোৱাই এই
দিয়ে তাক চেনেহৰ মধুৰ পৰশ ;
হেঁপাহেৰে শিলে তাক ল'ই আঁকোৱালি
সারটি ৰাখিব খোজে
গোটেই জীৱন ।
মিছা তাৰ আশাৰ কিৰণ
খন্তেক ধেমালি কৰি
কেনিবা আঁতৰি
নিমিষতে ভাঙি দিয়ে সুখৰ সপোন ।
নিতে কত চউ আছে যায়,
তথাপি অবুজ শিলে
চেনেহ সঁফুৰা নেলি
দিনে ৰাতি আছে বাট চাই ;
কিজানিবা কেতিয়াবা
এখানি চেনেহ কৰা
নামি কোনো সুৰুঙাই
যদি তাৰ হিয়া উজলাই !