সমললৈ যাওক

পৃষ্ঠা:বনফুল.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তুমি মোৰ নাভাঙিবা ভুল


তুমি মোৰ নাভাঙিবা ভুল,
গাথিছিলে৷ মালা ধাৰি আকাশ কুসুন পাৰ
আবেগত পৰাণ আকুল ।
ওপৰত হাঁহি হাঁহি তৰাই পাতিলে খুन
দেখি মোৰ জীৱনৰ ভুল ।

এই থাকোঁ নাওখনি বাই,
জোনৰ পোহৰ পৰি চিক চিক কৰি কৰি
পানীৰ লহৰী নচা একে থিৰে চাই
জীৱনৰ গীত গাই নাই,
সৰগ নিজৰি পৰা সুৱদি মদিৰা চুমি
আবেগত পৰাণ উটাই
নাও খনি সোঁতে লই যায় ।


বতাহৰ বিয়াকুল সুৰ-----
দূৰ দূৰণিত ভাহি কেনিবাদি উৰি আহি
বুকুত লুকাই আনে অতীতৰ সুৰ,
সোঁৱৰণী অতি সুমধুৰ ।
হেৰোৱা জেউতি পৰি অন্তৰ জিলিকি উঠে
উলাহতে হিয়া ভৰপুৰ,
অতীতৰ সুমধুৰ সুৰ ।