এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭
সমৰ্পণ
প্ৰেমৰ সপোন মোৰ
দুখনি হিয়াৰ একেটি কঁপনি
নপৰে সুখৰ ওৰ,
প্ৰেমৰ সপোন মোৰ।
উঠি দেখো যাৰ পাই
পুৱাৰ পোহৰে চুমে ধৰণীক
তুমি মাথো মোৰ নাই,
উঠি দেখো সাৰ পাই।
বীণ খনি এৰি গলা,
সুববোৰ মোৰ সিঁচি চাৰি কাষে
কেনি তুমি আঁতৰিলা,
বীণ খনি এৰি গলা।
শেষৰ অৰূপ ধন,
মোৰ জীৱনৰ অযাচিত বৰ
তুমি দিয়া বীণ খন,
শেষব অৰূপ ধন।
থাকো বীণ খনি বাই,
উঠে দিনে বাতি কৰুণ বিননি
হিয়া মোৰ ভাগি যায়,
থাকোঁ বীণ খনি বাই।