এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বনফুল
( ৩ )
পথৰ পথিকে লগ পাই
দেখিও বিমোৰ মোক নেমাতে একোকে
আগবাঢ়ি নাতিলেও নিদিয়ে সন্ধান,
নিচিকি হাঁহিৰে গুচি যায়।
উৰনীয়া পখিটিয়ে
অচিন পথত ধৰে তান,
বই যায় বিষাদৰ গান।
( 8 )
কেতিয়াবা কোনো জনে আহি,
অযাচিতে ঢালি দিয়ে হিয়াৰ সম্ভাৰ,
খন্তেকীয়া লগ লই পথ উজলায়,
মুখত বিৰিঙে মোৰ হাঁহি।
আহি আহি থাকোতেই
কেনিবাদি হঠাতে লুকায়।
মুখৰ হাঁহিটি মাৰ যায়।
( ৫ )
অবিৰাম বয় নই খনি
পখীৰ সঙ্গীত আৰু ফুলৰ সুষমা,
সপোন কুঞ্জৰ যত মায়া মধুৰিমা,
অতীতৰ মধু সোঁৱৰণি।
সকলো সামৰি লই
আগুৱাঁও নজনা বাটত
কোনে ক’ব কত তাৰ সীমা?
হেৰুৱাই জীৱনৰ মধুৰ মহিমা।