এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জীৱন মহিমা
( ১ )
জীৱনৰ বোৱা নইখনি,
পাৰত আবৰি থকা সপোন কুঞ্জৰ
আঁৰে আঁৰে ফুৰো নই লগৰী হেৰাই;
দুচকুত আকুল চাৱনি।
নিজৰ পাহৰা বাট
কোনে মোক দিব সোঁৱৰাই?
ফুৰোঁ মই লগৰী হেৰাই।
( ২ )
পচিমত আবেলিৰ বেলি,
লাহে লাহে সন্ধিয়াই ঢাকিব ধৰণী,
অকনি পোহৰ তাৰ হেঙুলী ৰহন
নৈয়ে যেন লব আকোঁৱানি।
নিৰাশা নিজম বাট,
সমল মাথোন সোঁৱৰাই
যৌৱনৰ অৰুণ কিৰণ,
অতীতৰ হেঙুলী ৰহন।