সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(00) পুৰুষ পুৰাণ মহা পুৰাণ প্ৰকৃতি। দিগপাল পুৰাণ পৰম শুদ্ধমতি॥ সমৰ পুৰাণ আৰু তাৰ নাম যা। আছে ধৰম পৰাণ অনুপাग তিনতিল মহান পুৰাণ আছৰ। ব্ৰহ্মা হৰ দেৱ বিষ্ণু সৰাতে কহৰ। আছয় পুৰাণ সব অঠৰ হাজাৰ। কহিবে শকতি ডাক আছয় কাহাৰ অল্পকৰি কহিলো ভাষাত আমি পাই। সহস্ৰ কহিবে লাগি মোৰ শক্য নাই। শুনা সভাসদ সৱ কথা নিৰন্তৰ। কহিবেক কোনে লিলা ঈশ্বৰ কৃষ্ণৰ পৰম অজ্ঞানী মই পাতেকি প্ৰধান। এক বিনে কোনে মোক কৰাইবেক জাগ নমো নমো পৰম ঈশ্বৰ দেৱ হৰি। শুকতি প্ৰসাদ মাগো দান্তে তৃণধৰি ान কীৰ্ত্তন नাম নাছাৰোক মুখে। অযু ভকতৰ সঙ্গ, হৌক সুখে দুখে। দৈৱকী নন্দন প্ৰভু তুমি নিজ দেৱ। তোমাত বিনাই বন্ধু নাহি কয় কেৱ॥ ভৃত্য বংশ হৈয়া তযু সেৰা পাষবিলো। সংসাৰ সাগৰে পৰি এহি দোষে বৈলো |