সমললৈ যাওক

পৃষ্ঠা:ফুল কোঁৱৰ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ফুল কোঁৱৰ৷

 দৰিয়াই উৰিলে বগ।।
কিন্তু কৈয়ে যাম  কোঁৱৰৰ বাতৰি
 কাকো নিদিলে লগ॥
 কোৱৰ কেনি কেনি গল।
অবুজন কোঁৱৰক  বুজাব নোৱাৰি
 ধোন্দে দি সৰকি গল॥ ১৪
 কাচনৰ কি গতি হল।
মণি কোৱৰ  ঘৰত নাইকিয়া
 নগৰ চেঁচা পৰি গল॥
হাতৰ সেউ মনি  সানি সেউ মনি
 গলৰ গলেপতা ললে।
সেই সেউ মনি  সোলোকাই কোঁৰবে
 তামুলীৰ হাততে দিলে।। ১৫
সদৌ সেউ মনি  সোলোকাই কোঁৱৰে
 নৈতে দিলেগৈ বুৰ॥
সাদিন সাত ৰাতি  বিছাৰি বিছাৰি
 নেপালো কোৱৰৰ খোৰ॥
শিলে খটে খটাই  পানী চপে ঢপাই
 সাগৰে খেলি খেলাই।