সমললৈ যাওক

পৃষ্ঠা:ফুল কোঁৱৰ.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুল কোঁৱৰ ৷

এচকু পানীতে কোঁৱৰ গা-নোধুলে
 একাণ পানীলৈ গল।
একাণ পানীতে কোঁৱৰ গা-ধুনোলে
 এমূৰ পানীলৈ গল॥
এজাবুৰ মাৰিলে ঠানুৱা কোঁৱৰে
 আপোনাৰ নগৰলৈ চাই।
এজাবুৰ মাৰিলে ঠানুৱা কোঁৱৰে
 দেউতাকৰ নগৰলৈ চাই। ৫
এজাবুৰ মাৰিলে ঠানুৱা কোঁৱৰে
 পুথাকৰ নগৰলৈ চাই।
এজাবুৰ মাৰিলে ঠানুৱা কোঁৱৰে
 চন্দ্ৰ সূৰ্য্যলৈ চাই॥
অৰি কুমাৰ ঘৰি।
ইজাবুৰ মাৰুতে ঠানুৱা কোঁৱৰক
 নিলে জল কোঁৱৰে হৰি॥ ৬
 কি চৰাই কৰিলে চিউ।
সেই কথা শুনি পোৱালী তামুলীৰ
 উৰি গ’ল বুকৰে জীউ।
 ইয়াকৈ তামুলুৰ শিয়া।
তোকে ঐ বুলি যাওঁ পোৱালী তামুলী
 দেউতাকক বাতৰি দিয়া॥ ৭