সমললৈ যাওক

পৃষ্ঠা:ফুল কোঁৱৰ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুল কোঁৱৰ ৷

এগাঁঠি পানীতে  কোঁৱৰ গা-নোধুৱে
 এআঁঠু পানীলৈ গল।
এআঁঠু পানীতে  কোঁৱৰ গা-নোধুলে
 একৰঙ্গন পানীলৈ গল॥ ২
একৰঙ্গন পানীতে  কোঁৱৰ গা-নোধুলে
 এটিকা পানীলৈ গল।
এটিকা পানীতে  কোঁৱৰ গা-নোধুলে
 এককাল পানীলৈ গল॥
এককাল পানীতে  কোঁৱৰ গা-নোধুলে
 এবুকু পানীলৈ গল।
এবুকু পানীতে  কোঁৱৰ গা-নোধুলে
 এপিহা পানীলৈ গল॥ ৩
এপিহা পানীতে  কোঁৱৰ গা-নোধুলে
 এডিঙ্গি পানীলৈ গল।
এডিঙ্গি পানীতে  কোঁৱব গা-নোধুলে
 এমুখ পানীলৈ গল॥
এমুখ পানীতে  কোঁৱৰ গা-নোধুলে
 এনাক পানীলৈ গল।
এণাক পানীতে  কোঁৱৰ গা-নোধুলে
 এচকু পানীলৈ গল॥ ৪