সমললৈ যাওক

পৃষ্ঠা:ফুল কোঁৱৰ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬
ফুল কোঁৱৰ।
 

কেলেই বিধতা আমাকে স্ৰজিলা
 কেলেই ভাঙ্গিলা যোৰ॥
হাবিৰে দৰিকে হাৰিতে চৰিলে
 কি খায় মলছে ঠোট।
ঠানুৱা কোঁৱৰ ঐ ঘৰত নাইকিয়৷
 দেহাত লাগি আছে চোট॥ ৬৩
আমৰে দিনতে আমে মলিয়ালে
 কঠালে পেলালে মুছি।
ঠানুৱা কোঁৱৰক ঘৰতে নেদেখি
 মনতে নেলাগে খুছি।৷
বনৰ বনে জন্তু বনতে বিচাৰে
 হৃদয়ত বিচাৰে মনে।
ঠানুৱা কোৱৰ ঐ ঘৰত নাইকীয়া
 বিছাৰি আনিব কোনে।৷ ৬৪
আয়ে বোপায়ে ধৰম বিয়া দিলে
 পুৰ্ব্ব অৰ্থাৰে ধৰি।
ঠানুৱা কোৱৰ মোৰ ঘৰত নাইকিয়া
 হলো অকালতে ৱাঁৰী॥
লাই হালে জালে আবেলি বতাহত
 লুফা হালে জালে পুৱা।