এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ফুল কোঁৱৰ।
২১
লুইতে এৰিলে আতি ভৰা সুতি
সকাৰে এৰিলে কোল।
তোমাকে বুলি যাওঁ বুঢ়ী আই মালিনী
কোনে গুথিছিলে ফুল॥ ৫১
কাঠৰ পকি ঘোঁৰাত উঠি ফুল কোৱৰে
ঘোৰাতে লগালে দৌল।
আতাইত কৈ ধুনীয়া নাতি কুমলীয়া
সেয়ে গাঠিলে ফুল ৷৷
আমাৰে মুখলৈ চাবা, বাই মালিনী
চন্দ্ৰ সূৰ্য্যলৈ চাবা।
ধুনীয়া মুনিয়া নাতিয়েৰ কুমলীয়া
বেগেতে পঠিয়াই দিবা॥ ৫২
হয় কি নহয় ঐ হয়।
থঙ্গনা মঙ্গনা নাতি কুমলীয়া
সোনকালে পঠিয়াম মই।৷
অকৌ কি অহয়ে হয়।
পচতুলাৰ নগৰত সোমাল ফুল কোৱৰ
কলিয়া ভোমোৰা হৈ॥ ৫৩
⸺••⸺