এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ফুল কোঁৱৰ।
১৯
কাঠৰ পকি ঘোৰাত উঠি ফুল কোঁৱৰে
দিলে চাবুকৰে চাট
আকাশে পাতালে উৰাওঁ কৰোতে
কৈ গল বতৰা তাত।৷ ৪৬
দেও দি শাৰিলে দেও দণিকণা
লোতি দি সাৰিলে শ'ল।
নগৰত শাত পাক ফুৰি পকি ঘোঁৰা
ছমাহৰ বাতলৈ গল।৷
কাঠৰ পকি ঘোঁৰাৰে জেউতী চৰিলে
উৰি যাওঁ পুৰি যাওঁ কৰে।
ছমাহৰ বাটকে যাই একে দিনে
মালিনীৰ বাৰিতে চৰে॥ ৪৭
সেউতী ফুলিলে মালতি ফুলিলে
তগৰে মেলিলে পাত।
কাঠৰ পকি ঘোঁৰাত উঠি ফুলকোঁৱৰে
লাহেকৈ দি গল মাত॥
কাঠৰ ঘোঁৰাত উঠি ফুলকোঁৱৰে
ভৰিৰে মাৰিলে টিপা।
সেউতী মালতী ঘনেকৈ ফুলিলে
তগৰে ধদিলে শিপা॥ ৪৮