এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮
ফুল কোঁৱৰ।
ঠানুৱা কোৱৰ মোৰ ঘৰত নাই কিয়া
হেৰালে মুখৰে হাঁহি।৷
তোকে ঐ বুলি যাওঁ পোৱালী তামুলী
মোৰ গতি যি হল হল।
সেই কথা ষাৰি শুনি ঐ কোঁৱৰে
পকি ঘোৰাত উথি গ'ল।৷ ৪৪
⸺••⸺
কাচনৰ বিৰহ অনল।
যোজোনা।
নিয়তি চৰায়ে কৰে চিউ চিউ
পুৱতী নিশাতে পৰি।
কিনো কমে মই ধনে পচতুলা
যুগুনিয়া দেহা যাই মৰি॥
চৰায়ে কৰিলে চিউ।
কি কৈ যাম ঐ বুঢ়ীমাক মালিনী
তোৰে মোৰে একেতি জীউ॥ ৪৫
তোমাকে বুলিলো কাঠৰ পকিঘোৰা
কুমল দৈ বাঁহৰে আঁহ।
আকাশে পাতালে উৰাও ধৰিলে
বুকত উধনীয়া সাহ॥