এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮
ফুল কোঁৱৰ ৷
শুক্ৰবাৰৰ দিনা
কালক্ষণ লাগিলে
কোৱৰ পানীত পৰি হেৰাল॥
হেঁছোকি ভাঙ্গি যাওঁ
ৰূপহী যঁতৰে
মুছুকাই ভাঙ্গি যাওঁ মাকো।
থানুৱা কোৱঁৰ যদি
পানীত পৰি হেৰালে
অকলে কেনেকৈ থাকো॥ ১৯
ডবিয়াই মেলিলে
কেছাকৈ তামুলথুকী
ঘন ঘন মেলিলে আঁহ।
মোৰে ঐ কোঁৱৰক
হেছা মাৰি পেলালে
বুজিম কেনেকৰি আশ॥
আজলী কাচনে
কাজলী ধৰিলে
বেজাৰত চিঙ্গিলে কেশ।
ওলাই দৰশন
দিয়াহি কোঁৱৰ ঐ
যাওগৈ আপোনাৰ দেশ॥ ২০
ডবিয়াই উৰিলে
ডাউক ঐ দুবৰী
বগে উৰিল পাখী মাৰি।
এপতাৰে পৰা
নামে এডিঙিলৈ
তামুলীৰ হাততে ধৰি॥
কি চৰাই মাৰিব বগ।
এপতাৰে পৰা
নামে এডিঙ্গিলৈ
নেপালো কোঁৱৰক লগ॥ ২১