পৃষ্ঠা:ফুল.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ছপা হব লাগিছে :-

১। সাধনা [ ৩য় সংস্কৰণ ]--৪॥৹

 উপন্যাস-প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰি অসম সাহিত্য- সভাৰ পৰা তিনি শ টকা পুৰস্কাৰ পোৱা চাৰি শ পৃষ্ঠাৰ সামাজিক উপন্যাস। অকল অসমতে নহয়, ঢাকা, কলিকতা, ৰংপুৰ আদি ঠাইতে সমাদৃত— বঙ্গদেশৰ কেইবা ঠাইতো বঙ্গলা নাটকলৈ ৰূপান্তৰিত হৈ অভিনীত।

২। অগ্নি-পৰীক্ষা [ নাটক-২য় সংস্কৰণ ]—২॥৹

 বাল্মিকীৰ মূল ৰামায়ণ অৱলম্বন কৰি লিখা। ইয়াৰ অভিনয়ে কাকো কেতিয়াও নামুৱায়—পঢ়িবলৈ উপন্যাসতকৈও চিত্তাকৰ্ষক।

৩। সতী-কাহিনী [ ৩য় সংস্কৰণ ]—২৷৹

 সতী, সীতা, সাবিত্ৰী, দময়ন্তী, শকুন্তলা, শৈব্যা, বেহুলা, আৰু জয়মতীৰ কাহিনী উপন্যাসতকৈও মনোৰমকৈ লিখা।

৪। অকণৰ ৰামায়ণ—১॥৹

 পাতে পাতে ছবি দি অকণিহঁতৰ উপযোগীকৈ লিখা চমু ৰামায়ণ।

ঠিকনা :—

 (১) হিৰণ্যৰঞ্জন গ্ৰন্থকুটী, তেজপুৰ, অসম।

 (২) বি, আৰ, কবিতা এণ্ড কোং, তেজপুৰ, অসম।