পৃষ্ঠা:ফকৰাৰ থুন্‌পাক.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 নাম তেওঁৰ মোহন শইকীয়া। তেওঁ বাস কৰা গাঁওখনৰ নাম - বালিজুৰি। কৃষি কৰ্মেৰে ভৰপূৰ শইচেৰে নদন-বদন। মোহন শইকীয়াইয়ো ঘৰখন কৃষিৰেই ধুনীয়াকৈ চলাই আছে। আকালো নাই, ভঁৰালো নাই। সেয়ে হলেও গাঁওখনত তেওঁৰ এটা সদ্‌নাম আছে। নামে-পাঠে সকলোতে আগভাগ লয় বুলি। পৰিয়াল বুলিবলৈ ৩ টি প্ৰাণী। তেওঁ, পত্নী আৰু জীয়ৰী তৰা। তৰাযে তৰাই; কামে-বনে, কথাই বতৰাই, দেখাই-শুনাই চকুত লগা। যেন চিত্ পখিলীহে। পুৱাই বাঢ়নীটাৰ লৈ তাই পদূলিৰ মুখলৈকে সাৰি আহিলগৈ। তাৰ পিছত গোহালিটোলৈ চাই দেখিলে— গৰুবোৰচোন উঠাই নাই! “এ যাঃ। বৌটিয়েই সাৰিব” বুলি মনতে ঠিৰাং কৰি তাই মাকক ৰিঙিয়াই ক'লে— “অ’ বৌটি, গোহালিটো তোলৈকে থ'লোঁ দেই। মই গা ধুওঁগৈ৷” মাকে শুনিলেনে নাই তাই গম নাপালে যদিও বাঢ়নীটাৰ বেৰতে আউজাই থৈ গা-ধুবলৈ গ'ল।

 পানী দুবাল্টি তাই পুখুৰীৰপৰা আনি বাঁহেৰে ঘেৰা গা-ধোৱা ঘৰটোত সোমাল। আপোনমনে তাই চাবোন ঘঁহাত লাগিল। বহুত পৰৰ পিছতহে হঠাৎ তাইৰ বেৰখনলৈ চকু গল— “যাঃ বাপ্পেকে, মই চোন কাপোৰেই নানিলো!” তাই আকৌ মাকক ৰিঙিয়ালে — “অ’ বৌটি, মোৰ পিন্ধা কাপোৰকেইটা লৈ আহচোন। মই আনিবলৈ পাহৰিলোঁ।”— এইবাৰো তাই মাকৰ সঁহাৰি নাপালে। তাই মনতে ভাবিলে — “বৌটি ক’লৈ গ’ল? যাঃ, তিতাগাৰেই যাওঁগৈ গামোচাখন মেৰিয়াই। ইমান পুৱাতে কোননো আহিব?’ ভবামতেই তাই সেইদৰে গা-ধোৱা ঘৰৰ পৰা ওলাই দৌৰ মাৰি বৰঘৰলৈ আহোঁতেই দেখিলে বৰঘৰৰ পিৰালিত বহি ফুকননী আইতা মাকৰ লগত কথাত মচগুল। তাই তেনে অৱস্থাৰে দৌৰি অহা দেখি ফুকননী আইতাই মাত দিলে — “অ’ কি হ’ল এইজনীৰ? বোলো ‘ধিনদাও বগৰীৰ পাত, ৰিহা নাইকিয়া গাত।” মাকো অবাক। তেওঁ কলে — “কি হ’ল ঐ এইজনী?” কাৰো কথালৈ ভ্ৰক্ষেপ নকৰি তৰা ভিতৰলৈ সোমাই গ'ল আৰু তাৰ পৰাই ক'লে — “অ' বৌটি, অ’ আইতা, একো হোৱা নাই। গেৰেলাই কুঁহিয়াৰ খালে, যি হয় সেয়ে হ’ল বুজিছ।” শুনি দুয়ো মুখ টিপি

১১