সমললৈ যাওক

পৃষ্ঠা:ফকৰাৰ থুন্‌পাক.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মোৰ দুৱাষাৰ

 ‘এডাল দুবৰি বন তাৰো আছে এটি মন’ এয়া স্বনামধন্য কবি গীতিকাৰ মোৰ পৰম শ্ৰদ্ধাৰ ননন্দী জোঁৱাই ৺কেশৱ মহন্ত দেৱৰ লিখনিৰ কথাহে। মোৰ এটা অভ্যাস আছে কথা কোৱাৰ মাজতে খাপ খোৱাকৈ ফকৰা কৈ দিওঁ, আজিকালি ফকৰা কি বস্তু মানুহে বুজি পাইনে নেপাই নাজানো। জনাসকলে ইতিমধ্যে মেলানি মাগিলে, কোনে ক'ব! কিন্তু মোৰ দুগৰাকীমান ভনী ছাঁৰ দৰে মোৰ লগতে থাকে। তেওঁলোকে প্ৰায়ে কয় বাইদেউ লিখকচোন। মই মনোযোগ নিদিওঁ। শেষত যেনিবা যিখিনি মনত আছে আৰু মনত পৰিছে তাকে কিতাপ আকাৰে প্ৰকাশ কৰিলো। আৰু অনুৰোধ কৰা ভনী নিৰুপমা শৰ্মা, অমলা তামুলী, নিলীমা বৰকাকতী, হিতমা হাজৰিকা, মমী গোস্বামী, ৰঞ্জু গোস্বামীলৈ মোৰ বহুমূলীয়া মৰম, কৃতজ্ঞতা জ্ঞাপন কৰিছো। তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি মই বৰ আনন্দ পাইছো। তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰিলো। এই কিতাপখনৰ পাণ্ডুলিপি প্ৰস্তুত কৰি দিয়াত শিক্ষয়িত্ৰী প্ৰণামিকা অধিকাৰীয়ে কৰা সহায়ৰ বাবে মই যথেষ্ট সকাহ পালো। তেওঁৰ সু-স্বাস্থ্য কামনা কৰিলো৷

 লগতে মোৰ এই কিতাপখনি আগৰ পৰা গুৰিলৈকে সকলো চোৱা-চিতা কৰা মোৰ নাতি সমতুল্য, ভতিজা প্ৰাঞ্জল কুমাৰ মহন্তলৈ মোৰ স্নেহাশিস যাচিলো আৰু তেওঁৰ ভৱিষ্যত দীৰ্ঘায়ু কামনা কৰিলো।

—ৰেণু মহন্ত