পৃষ্ঠা:ফকৰাৰ থুন্‌পাক.pdf/৩১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 —“অ’ নাৰায়ণৰ ল’ৰা ইন্দ্ৰৰ কথা জানানে?”

 —“জানিবলৈ বাকী নে কিবা? তাইৰ লগত থাকোতেই ৰাইজে পাই উত্তম-মধ্যম দিলে। কেতিয়াবা বোলে ৰাতিও ঘৰলৈ নাহে। পঢ়া-শুনা বাদ পৰিল।”

 —“নহয় নহয়। এইবোৰ হৈছে ঢৌ। মানুহেও তিলকে তালটো কৰে। আমি খবৰ ল’বই লাগিব। ছোৱালীজনীৰ কি হ’ব। গ্ৰাহক নোলাবই নেকি?”

 —“কিয় নোলাব? ‘যিয়ে দিছে ফুলৰ থোপা, তেঁৱেই দিব মুৰত খোপা’।”

 —“এয়া হৈছে ‘উই চিৰিঙাৰ পাখি গজাৰ নিচিনা’ কথা। আমি পাখি গজোতেই ধৰিম। উৰিবলৈ নিদিওঁ। মটৰ চাইকেল পালে আৰু কি লাগে? মাটিত যেন ভৰিয়েই নথ’ব। সেইকাৰণেই কৈছো আমাৰ জীয়ৰী-বোৱাৰীখিনিয়ে অলপ সজাগ হৈ তেওঁলোকক বিপথে যোৱাৰ পৰা ওভোতাই আনা। এতিয়া ‘টেমী-কটাৰী হৈ তোমাকহে বাজিব লাগিব, আমি হাঁচতিবোৰ সদায় লগত থাকিম’।”

 তেনেতে ননীয়ে ক’লে— “আইতা, আমাৰ কাষৰীয়া গাঁৱৰ ভানুক চিনি পায় নহয়?”

 বৰুৱানীয়ে ক'লে— “অ পাওঁ। কি হ’লনো?”

 —“জীয়েকৰ বিয়াখন জোৰোণৰ দিনাখনেই ভাঙিল নহয়। ল’ৰাটো বৰ উদণ্ড হেনো। বিয়াখন পাতি দিলে কিজানি গত লাগে, সেয়েহে পাতিব খুজিছিল বিয়া। কিন্তু ছোৱালীঘৰে গম পালে আৰু বিয়াখন ভাঙি দিলে।”

 —“তেনেহ’লে ‘বেতনিত পৰিল ঔ, বসুদেৱায় নমঃ’। তেনেহ’লে তেনে এটা ল’ৰালৈ বিয়া দিনো কি শান্তি পালেহেঁতেন। 'ঈশ্বৰে যি কৰে ভাললৈকে কৰে’। আমি 'সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব লাগিব’ আৰু ননী শুন, এনেকুৱা কথাত তই আগভাগ লৈ নুফুৰিবি। ‘হলাগছ দেখিলে বাগী কুঠাৰ মৰা’ মানুহ বহুত আছে। তোৰ ছোৱালীও বিয়া দিবলৈ আছে নহয়। যাতে তোৰ একো বিপদ- আপদ নহয় চাবি৷’২

 —“এই জাৰেই জাৰ নহয় আৰু জাৰ আছে’। আইতা আমি কি কৰা উচিত আমাক বাট দেখুৱাই দিব।”

 —“তোমালোকে গাঁৱত হোৱা ঘটনাবোৰৰ খবৰ-খাতি লৈ আমাক

জনাবাহি। ঘৰ গৈ পালেগৈ এলাহ নকৰিবা আকৌ। অহা দেওবাৰে ৪ বজাত

৩৪