দুই এমাহৰ পাচতে হ'ব। কেতিয়াবা তেওঁলোকৰ কথাৰ মাজত
বিয়াৰ বিষয়েও কথা-বতৰা ওলায়। মালতীয়ে ভাবী গিৰিয়েকৰ
সম্পৰ্কে নানা কথা কয়, কিন্তু পদ্মাই নিজৰ স্বামীৰ সম্পৰ্কে
একো নকয়। মালতীয়ে বৰকৈ সুধিলে কয়,–“এতিয়াও আমি
কোনেও কাকো চিনি নাপাওঁ; পৰৰ মুখৰ কথা ধাৰকৈ কোৱাৰ
পৰা কি লাভ! সময়ত সকলো জানিবা।”
জোৰণৰ পিচ দিনা পদ্মাৰ গঢ়-গতি দেখি মালতীৰ মনত কিবা এটা আশঙ্কা জন্মিল। তেওঁ পদ্মাক থোটালী এটালৈ মাতি নি সুধিলে, “তোমাৰ মতি-গতি দেখি মোৰ মনত এটা সন্দেহ জন্মিছে। এই বিয়াত তোমাৰ মত নাই নে কি?”
পদ্মাই প্ৰথমতে একো নামাতিলে, মাত্ৰ তেওঁৰ দুয়ো চকুৰ পৰা চকু-লো বৈ আহিল। মালতীয়ে ক'লে,— “মই বুজিছোঁ, তোমাৰ মনত কিবা এটা ডাঙৰ দুখ আছে, অথচ তুমি মোক ইমান দিনেও কোৱা নাই। তুমি মোক এতিয়াও বিশ্বাস নকৰা! অথচ মই মোৰ অতি ভিতৰুৱা কথাও তোমাৰ পৰা কেতিয়াও লুকুওৱা নাই।
পদ্মা।— তুমি ভুলকৈ নাভাবিবা; অবিশ্বাস কৰি মই নোকোৱাকৈ থকা নাই। কিন্তু যাৰ প্ৰতিকাৰ নাই, তাক কোৱাৰ পৰা লাভ কি!
মালতী।—তথাপি আপোন জনৰ আগত প্ৰকাশ কৰিলে। অলপ সান্ত্বন৷ আহে।
পদ্মা।—মোৰ সান্ত্বনাৰ ঠাই নাই।