মোহনে ক’লে,—“দুৱাৰ খিৰিকিবোৰ বন্ধ কৰি থৈছা কিয়?”
পূৰ্ণিমা। - নহলে মহবোৰ সোমায়।
মোহন।—এতিয়া কোন আহিছিল?
পূৰ্ণিমা।— ফটোগ্ৰাফাৰে আপোনাক বিচাৰি আহিছিল; নাই বুলিলত গুচি গ'ল।
মোহনে একো নক'লে; কিন্তু মনত এটা দাৰুণ সন্দেহ জন্মিল। তেওঁ ওলাই যাওঁতে দীলিপৰ ঘৰৰ আগে দিয়েই গৈছিল; দীলিপে বাৰাণ্ডাত বহি থকাৰ পৰা তেওঁক দেখি- ছিল। তেনে স্থলত আকৌ ঘৰত বিচাৰি আহিব কিয়? তদুপৰি দুৱাৰ-খিৰিকিবোৰ বন্ধ। মুখৰ দুৱাৰখনো সম্ভবতঃ অলপ আগতেহে মেলিছে। দুৱাৰৰ ওচৰত পূৰ্ণিমাৰ অৱ- স্থিতিয়েও তাকেই সমৰ্থন কৰে। হ'ব পাৰে দীলিপক মোহন নথকাৰ কথা জনাবলৈ তেওঁ দুৱাৰমুখলৈ আহিছিল। কিন্তু খিৰিকিবোৰ বন্ধ কিয়? মহ জানো আজিয়েই প্ৰথমে আহিছে! আগে পিচে তো এনেকৈ বন্ধ নকৰে।
সেই দিনা মোহনৰ টোপনি নাহিল। যিমানেই ভাবিবলৈ ধৰিলে, সন্দেহো সিমানেই বাঢ়িবলৈ ধৰিলে। তেওঁ ভাবিলে - মানুহৰ চৰিত্ৰ-দোষ নাযায়; এঙাৰ গাখীৰেৰে ধুলেও বগা নহয়।
মোহনৰ মনত শান্তি নোহোৱা হ'ল। তেওঁৰ পক্ষে পূৰ্ণিমা হ'ল ভালুকৰ সাঙী; বোৱাও টান, থোৱাও টান।