মিনাই।—সেইবোৰ বাৰু এৰি দিয়ক। আপোনাৰ
কামত ঘূৰোঁতে মোৰ কিমান কাম খতি হ'ল, আৰু কিমান লোক
চান হ'ল সেইটো অন্ততঃ ভাবি চাব লাগে। সিমান দিনত মই
কুৰি টকাহে উপাৰ্জ্জন কৰিলোঁহেতেন নে? ইমান অন্যায়
কৰে কিয়?
মিনাইৰ কথাত বৰুৱাৰ খং উঠিল। তেওঁ ক'লে,—“তুমি কুৰি টকা নহয়, কুৰি হেজাৰ উপাৰ্জন কৰিলাহেতেন। কিন্তু মই কুৰি টকাতকৈ বেচি দিব নোৱাৰোঁ। লাগে যদি লোৱাঁ, নহলে ঘূৰাই দিয়া। আৰু তৰ্ক নকৰিবা।”
মিনায়ে দেখিলে তৰ্ক কৰাৰ পৰা লাভ নহয়, বৰং দিয়া ৰূপ কুৰ্ত্তি ঘূৰাই লোৱাৰ হে ভয়। ইয়াকে ভাবি তেওঁ টকাকেইটা লৈ বেজাৰ মনেৰে ওলাই আহিল।
যাওঁতে যাওঁতে মিনায়ে ভাবিলে,–“দুৰ্গা বৰুৱাই পাৰ পাই এতিয়া ভুৰত লাথি মাৰিছে। তাক শিকাব লাগিব।”
কিন্তু শিকায় কেনেকৈ? প্ৰথমতে মিনায়ে ভাবিছিল ভেটী খোৱা ধৰি দি তেওঁক ফৌজাদাৰী আদালতত হাজিৰ কৰিব। যদিও ধৰা পেলাবলৈ মিনাইৰ যথেষ্ট সুযোগ আছিল, তথাপি হাকিমৰ বিৰুদ্ধে সাক্ষী গোটোৱা তেওঁৰ পক্ষে সম্ভব নহ'ল। এই চেষ্টাৰ ফলত আগেয়ে দুৰ্গা বৰুৱাৰ লগত লেন-দেন কৰি যি দুপইচা আৰ্জ্জিছিল তাৰো মূদাহে মৰিল।
এমাহমান চেষ্টা কৰিও যেতিয়া মিনায়ে দুৰ্গা বৰুৱাক একো কৰিব নোৱাৰিলে, তেতিয়া তেওঁ আন এটা উপায়