সমললৈ যাওক

পৃষ্ঠা:পৰিচয়.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৯
হালোৱা চহা


 পূৰ্ণিমা।—মই ৰান্ধিব নোৱাৰোঁ। দেউতাহঁতৰ তাত সদায় ৰান্ধনিয়ে বান্ধে; আবিয়ৈ ছোৱালীক চৰুলৈ যাবলৈ নিদিয়ে। মোৰ ৰন্ধা অভ্যাস নাই।

  মোহন। — অভ্যাস নাই, কৰিব লাগিব। এতিয়াতো আবিয়ৈ ছোৱালী নোহোৱা।

  পূৰ্ণিমা। —মই ৰান্ধিলে ৰান্ধনিতকৈও বেয়া হয় যদি?

  মোহন।— হয় যদি হ'ব৷ লাহে লাহে নিজেই শিকিবা।

  পূৰ্ণিমা। মই নোৱাৰোঁ। হাত পুৰিব, কাপোৰ-কানি লেতেৰা হ'ব; ৰন্ধাও বেয়া হ'ব।

  মোহন। —যদি ভাত মুঠিও সিজাব নোৱাৰা, তেন্তে নো তুমি কি কাম কৰিব পাৰা?

 পূৰ্ণিমা।—ডাঙৰ মানুহৰ ছোৱালীয়ে যিবোৰ কাম কৰে তাকে কৰিব পাৰিম। হালোৱা চহাৰ ছোৱালীৰ নিচিনা কৈ কাম কৰিব নোৱাৰোঁ।

  মোহন নিজে হালোৱাৰ লৰা;গতিকে পূৰ্ণিমাৰ কথাত বৰ আঘাত পালে। পূৰ্ণিমায়ো যে তেওঁৰ মনত আঘাত দিবৰ মনেৰেই তেনেকৈ কৈছিল, তাত সন্দেহ নাই। পূৰ্ণিমাৰ এই মনোভাব যদিও নানা সময়ত প্ৰকাশ পাইছিল তথাপি মোহনে ইমান দিন সহি আছিল। আজি কিন্তু তেওঁৰ অসহা হ'ল। তেওঁ ক'লে,—“যদি দেউতাৰা ইমান ডাঙৰ মানুহেই হয়, হালোৱা-চহাৰ ভৰিত ধৰিব নালাগিছিল। এতিয়াও যদি ইয়াত থাকি দুখ পাইছা, দেউতাৰাৰ ঘৰলৈকে যাব পাৰা।"