এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পঞ্চদশ অধ্যায়।
লেঠাৰ হাত।
পিচ দিনা মিনায়ে সকলো কথা দুৰ্গা বৰুৱাক জনালে। বৰুৱাই ক'লে,—“মোৰ বিশ্বাস মোহনে মত দিব। কিন্তু বাপেকৰ দৰেই বোধ কৰো টকা-পইচা নাই বুলি আপত্তি উলিয়াব।”
মিনাই। – বিয়াৰ খৰচটো দিয়াই ভাল। পলম হ'লে আকৌ বা কি হয় কোনে জানে! আন নহলেও ডেকা লৰা আন কাৰবাৰ ফান্দত পৰিব পাৰে।
দুৰ্গা। —যদি এই আহিনতে বিয়া কৰাবলৈ গাত লয় তেন্তে বিয়াৰ খৰচৰ বাবে দুশমান টকা দিব পাৰে। অলঙ্কাৰ পাতি, কাপোৰ-কানি, দান-মান একো নিদিলেও হ'ব। তুমি কালিলৈকে মঙ্গলদৈলৈ যোৱ৷ আৰু এটা খাটাং বাতৰি লৈ আহা।
মিনাই।—আপুনি কোৱাৰ আগতে ময়ো তাকেই ভাবি আছো। পিচে মোৰ হাতত সমূলি টকা-পইচা নাই; জাহাজৰ খৰচটোৱেই নাই।
দুৰ্গা।—বাৰু খৰচ পাবা। তেতিয়াই তেওঁ ভিতৰলৈ গ'ল আৰু এখন পাঁচ টকীয়া নোট আনি মিনাইৰ হাতত দিলে।